পৃষ্ঠা:গুৰুচৰিত.djvu/৪১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৩
গুৰু-চৰিত

বৰদোৱা গ্ৰামে এন্তে থাকন্ত শঙ্কৰ।
ৰূপে গুণে সাক্ষাততে যেন মহেশ্বৰ॥
হেন শুনি বুঢ়ী আথ বেধ কৰি উঠি।
শঙ্কৰক লাগি গৈলা মুগ ডালি গুটি॥ ১৮৬৭
আথে বেধে একো দ্ৰব্য নিবাক নপাৰি।
শঙ্কৰক প্ৰণাম কৰিলা বৰনাৰী॥
ঐ বাপু যাদৱা তেৰ নো হেন বুদ্ধি।
মই পাপিষ্ঠীক ছদ্মে আসিলিহি সুধি॥১৮৬৮
এহি বুলি দোকানীয়ে কান্দি পাৰে গেৰি।
সবে যাত্ৰীসকলে পুছন্ত তাঙ্ক বেঢ়ি॥
কি কৰি জানিলি বুঢ়ী কহ তই কথা।
কি সৰু কান্দল ই বিকল অৱস্থা॥ ১৮৬৯
বুঢ়ী বোলে কালি মই দেখিলে সপোন।
মোহোৰ পাপক আইলা পুৰুষ ৰতন॥
মই কৰযোৰে বোলা তুমি কোন নৰ৷
এতেকেসে মোৰ নাম শ্ৰীমন্ত শঙ্কৰ॥ ১৮৭০
বৰদোৱা গ্ৰামে থাকো ক্ষেত্ৰ লাগি যাওঁ।
জগন্নাথ সমে যেন কথা হইবে পাওঁ॥
কালি গধূলিক বেলা দেখা পাইবি মোক।
দিবি মাস ভালি ভূঞ্জিৰেক যাত্ৰী লোক॥১৮৭১
পসাৰীৰ আগে যেবে কহি আছো কথা।
এই তিনিজন গৈয়া মিলিবেক তথা॥