পৃষ্ঠা:গুৰুচৰিত.djvu/৪১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০২
গুৰু-চৰিত

কিবা ব্ৰহ্মা কিা বিষ্ণু কিবা মহেশ্বৰ।
তেন্তে বোলে মোক জানা বোলয় শঙ্কৰ॥ ১৮৬১
বৰদোৱা গ্ৰামে থাকো কুসুমৰ সুত।
কি কহিবো মোৰ ইটো মহিমা অদ্ভুত॥
আছোক মনুষ্য ব্ৰহ্মা হৰে নপাৱন্ত।
মোকে বোলে জগতৰ নাথ ভগৱন্ত॥ ১৮৬২
নিচিনি মনুষ্যে মোক বুলিয়া ঈশ্বৰ।
মইসে জানিবা প্ৰভু ইটো জগতৰ॥
নজানি মনুষ্যগণে নমানে আমাক।
জগন্নাথ ক্ষেত্ৰে যাওঁ তীৰ্থ কৰিবাক॥ ১৮৬৩
তোহোকেসে দয়াতৰে আইলো এহি ঠাই।
ভোজন সম্ভাৰ দ্ৰব্য থৈয়োক মিলাই॥
কালি গধূলিতে মোক হুইবা দৰিশন।
এহি বুলি মোৰ আগে ভৈলা অন্তৰ্দ্ধান॥ ১৮৬৪
নজানোহো তাতে পাচে কৈক চলি গৈলা।
এহি কথা কন্তে তিনি হন্তে আ ভৈলা॥
দোকানীৰ আগে যাই প্ৰবেশিল পাচে।
মাস দালি আদি কৰি সবে দ্ৰব্য আছে॥ ১৮৬৫
পসাৰী বোলন্ত তোৰ কৈব তিনিজন।
হেন শুনি পৰ্ব্বানন্দে মাতিলা তেখন॥
শঙ্কৰৰ লগে আইলো সবে ধাত্ৰীচয়।
বেসতি কৰিতে আমাসক পাঞ্চি লয়॥১৮৬৬