পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৩
তৃতীয় খণ্ড

লৌহিত্যে আঙ্গাৰ উটাই চলি গৈলা ঘৰে।
ৰামৰামে পিতৃৰ সন্তাপে দুখ কৰে॥
এহিমতে চতুৰ্থা তিখি যেবে পাইল।
মহেন্দ্ৰ কন্দলী আসি চতুৰ্থা কৰাইল॥১৮১২
নানান দেশৰ বিপ্ৰসৱ আসিলন্ত।
কম্বলক পাৰিয়া সমস্তে বসিলন্ত॥
চতুৰ্থা শান্তিক দিয়া সাঙ্গ যেবে কৈল।
ব্ৰাহ্মসবক তেবে দান দিবে লৈল॥১৮১৩
সুৱৰ্ণ আঙ্গুঠি থঙ্গা গৰু দান দিল।
ৰজতৰ আধলি বিস্তৰ বিলাইল॥
দান পাই বিপ্ৰসব গৈলা ঘৰাঘৰি।
ৰামৰামে থাকিলা পিতৃৰ ক্ৰিয়া কৰি॥১৮১৪
তাত অনন্তৰে দশা তিথি আসি পাইল॥
মহেন্দ্ৰ কন্দলী তেবে দশাক কৰাইল॥
খাট তুলি জাৰি তুণ্ডা বেলা বাটি দিল।
দশগোটা পিণ্ড দিয়া দশা সাজ কৈল॥১৮১৫
পূৰ্ব্বৱতে দান আজি দিয়া ব্ৰাহ্মণক।
একাদশী দিনা আসি কাৰ্য্য মিলিবেক॥
আসিয়া কন্দলী বৃষোৎসৰ্গক কৰয়।
পণ্ডিতক দিলা দান বহুতৰ গাই॥ ১৮১৬
ৰজত সুৱৰ্ণ বস্ত্ৰ দিলা গাৱে গাৱে।
বুঢ়াখায়ে বিপ্ৰক দিলন্ত ভাৱে ভাৱে॥