পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯০
তৃতীয় খণ্ড

কি ভৈল কি ভৈল বুলি গৈলা সেহি ঠাই।
বুঢ়াখায়ো দেখে ডেকাগিৰি ঘৰে নাই॥১৭৯৫
চাৰি দণ্ড ৰাত্ৰি যেবে সিদিনাৰ আহে।
হাতে লতা ধৰিয়া শঙ্কৰ গৈল পাচে॥
উঠা ভক্তসব বুলি মাতিলা শঙ্কৰে।
ব্ৰহ্মপুত্ৰে কুণ্ডখানি দিলা দয়াতৰে॥১৭৯৬
এহি কথা কহি লোক ভাণ্ডিবাক চান্ত।
ভকতসকলে সব কথা বুজিলন্ত॥
সৰ্ব্বজয় বলৰাম দুই মাত্ৰ জানে।
বুঢ়াখায়ে দুই হান্তৰ পূছিলা আপুনে॥১৭৯৭
যেনমতে শঙ্কৰে ভৰিয়ে দেখাইল।
সেহিমতে জল জানা আপুনি উঠিল॥
শুনি বুঢ়াখাৰ ভৈল পৰম হৰিষ।
ভকতসকলে শুনি ভৈলন্ত হৰিষ॥১৭৯৮
শঙ্কৰে বলত শুনা যত ভূঞামান।
ভৈল জল সবে হন্তে কৰিয়োক স্নান॥
ব্ৰহ্মপুত্ৰ কুণ্ড গোট দিলেন্ত খানি আনি।
সবে হন্তে কৌতুকে ভুঞ্জিয়ো তাৰ পানী॥১৭৯৯
সৰ্ব্বজয় বলৰাম দুয়ো কথা কহে।
চাহিবে নপাৰো আমি চক্ষু যেন খহে॥
আকাশৰ পৰা যেন আইলা সূৰ্য্যচয়।
জলত পৰিল শব্দ শুনি ভৈল ভয়॥১৮০০