পৃষ্ঠা:গুৰুচৰিত.djvu/৪০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৬
গুৰু-চৰিত

তৰ্য্যাপি কৰিয়া আছে টক এক শত।
আধলিক টকা সিকা জানিলা সমস্ত॥১৭৭৩
কম্বলক অনাইলন্ত এক শত মান।
ব্ৰাহ্মণসবক ৰঙ্গে কৰিলন্ত দান॥
অষ্টাদশ তোলা সুৱৰ্ণক দান কৈলা।
ৰামৰাম গুৰু দক্ষিণাক উছৰ্গিলা॥১৭৭৪
দান পাই বিপ্ৰসব ঘৰাঘৰি গৈল।
পুনৰপি তেবে আসি দৰা আসি ভৈল॥
পূৰ্ব্বৱতে শ্ৰাদ্ধ তেহুমতে কৰাইলন্ত।
ৰামৰাম গুৰু দশপিণ্ড দিয়াইলন্ত॥১৭৭৫
কৰ্ণপুৰ চতুৰ্ভুজ জয়ন্ত মাধৱ।
বুঢ়াখা হলায়ুধ সমস্তে বান্ধৱ॥
সকলে আসিল শঙ্কৰৰ ঘৰ লাগি।
নানান দেশৰ বিপ্ৰ আসিলেক ভাগি॥১৭৭৬
দুই দিন পথহন্তে আসিল ব্ৰাহ্মণ।
আখে বেধে আসিলন্ত যত ভূঞাগণ॥
এহিমতে দশা যেবে কৰিলেক সাজ।
ব্ৰাহ্মণক দিলা দান এক শত গাঙ্গ॥১৭৭৭
দুই শত টক দশা কাৰ্য্যত বিলাইল।
মালা সিকা কৰি সুৱৰ্ণক ভাঙ্গি দিলা॥
দুই সেব ভোলা লাগিলেক স্বৰ্ণহাৰ।
বস্ত্ৰ কম্বলক জানা লগিল অপাৰ॥১৭৭৮