পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৯
তৃতীয় খণ্ড

তেবে তাৰে শান্তী বোলে কহিলে বুজাই।
আতপৰে আৱৰ পৰীক্ষা আন নাই॥
এহি শুনি আচাৰ্য্যৰ ভাৰ্য্যা পালটিলা।
সবে দূতগণে শঙ্কৰত জান দিল॥ ১৭০৮
একোহো থানত জানা শাস্তী আনো নাই।
দেশে দেশে বিচাৰিয়া শান্তীক নপাই।
তযু আগে জান দিলো যেন লাগে কৰা॥
জান বান্ধা নভৈলে জানিবা আমি মৰা। ১৭০৯
নমাতিয়া ডেকাগিৰি মৌনে বহি আছে।
শুনিয়োক যেন কথা ভৈলা তাত পাচে॥
নদীয়াল ভাৰ্য্যা স্বামী দুয়ো চলি যাই।
সিসব কথাক তেবে শুনিলেক তাই॥ ১৭১০
হাসি তেবে স্বামীৰ আগত কথা কয়।
শঙ্কৰ গোমস্তা কিনো শান্তী বিচাৰয়॥
মোত পৰে শান্তি আন নাহি একোজনী।
কোপ কৰি নদীয়ালে মাতে তেতিক্ষণী॥ ১৭১১
হাগিয়া কটিক ধুইবে এই নজানয়।
বৰ কটায়নী কৰি মোৰ আগে কয়॥
হেন খান বখানক দুয়ো যেবে কৰে।
শঙ্কৰৰ দূতে শুনিলেক হৰিবৰে॥ ১৭১২
লৰ দিয়া যাই শঙ্কৰত জান দিল।
আন দুইকো বুলি হৰিবৰক পাঞ্চিল॥