পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৬
গুৰু-চৰিত

দেখা দেখা গুৰু শঙ্কৰৰ কেন কায়।
সূত্ৰ বুলি আছে ঐত আছে শুধা ঠাই॥ ১৫৪১
তাহান সদৃশ এক জন বসিছয়।
সভাসদ লোকে শুনি বলিয়া আছয়॥
তহিতো শঙ্কৰ দেখে অহি্তো শঙ্কৰ।
উঠিলন্ত তেখনে যতেক বিপ্ৰবৰ॥১৫৪২
দেখন্ত শঙ্কৰ গায়নৰ মাজে নাই।
পট বৈকুণ্ঠৰ মাজে দেখিলা দুনাই॥
জয় জয় বুলি সৰ্ব্বজনে কৰে ৰাৱ।
সিবেলাত সাঙ্গ কৰিলেক মহোৎসৱ॥ ১৫৪৩
এহিমতে চিহ্নযাত্ৰা যেবে সাঙ্গ ভৈল।
শঙ্কৰেয়ো মহেন্দ্ৰ কন্দলী পাশে গৈল॥
নমস্কাৰ কৰিবাক গুৰুক চাহন্ত।
দেখিয়া কন্দলী আথেবেধে উঠিলন্ত॥ ১৫৪৪
কি কৰাহা বাপু তুমি সাৱটি ধৰিলা।
অনেক বিনয় বুলি তাঙ্ক আবাসিলা॥
তোহ্মাকেসে নমস্কাৰ কৰিবে লাগয়।
তুমিসে ঈশ্বৰ স্বামী জানিলো নিশ্চয়॥ ১৫৪৫
হেন শুনি শঙ্কৰে পালটি যেৱে গৈল।
মহেন্দ্ৰ কন্দলী গুৰু সভাত উঠিল॥
হাজাৰ দশেক লোক তৈত হুয়া আছ।
হাত তুলি হৰিধ্বনি কৰিলন্ত পাচে॥ ১৫৪৬