পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৫
তৃতীয় খণ্ড

চোঁ গোট আৰে তাক যত্ন কৰি থৈলা।
নৱগোটা মতাক একত্ৰ কৰি লৈলা॥
গৰুড়ৰ মূখা সৰ্ব্বজয়ক দিলন্ত।
কেতাইখায়ে খোল দোহাৰে ধৰিলন্ত॥ ১৪৮১
বলোৰাম হৰিধন মথুৰা সমে তিনি।
বুঢ়া শ্ৰীৰাম গুৰু উঠিলা আপুনি॥
শূলধৰা লক্ষণ ভোবোৰা দামোদৰ।
তাল ধৰি গীত গান্ত লগে শঙ্কৰৰ॥ ১৪৮২
উদাৰ সহিতে বৰ গোবিন্দ উঠিল।
প্ৰথমতে শঙ্কৰে ৰাগক তুলি দিল॥
লক্ষ্মণৰ বৰ ভাই নামত বলাই।
তিমিৰ ৰাগক দিলে সবে আছে চাই॥ ১৪৮৩
বায়ুমণ্ডলীত ৰাগ দিলন্ত শঙ্কৰ
পাতিসন্ধা এক বৃক্ষ আছে ভয়ঙ্কৰ॥
যেতিক্ষণে শঙ্কৰে ৰ'গক তুলি দিল।
দুই চৰণ দিতে পাত সমস্তে সৰিল॥১৪৮৪
বহুৱে শোষক বায়ু অসংখ্য অপাৰ।
আৰ দুই ফাকি দিতে পাত ভৈলা তাৰ॥
এহিমতে ৰাগ যেবে সাঙ্গ কৰিলন্ত।
পট মেলি বৈকুণ্ঠক আগত থৈলন্ত॥ ১৪৮৫
সাত ঈশ্বৰৰ সাত প্ৰবেশ লাগয়।
পাঞ্চ নটুৱাক চাই আছন্ত বিস্ময়॥