পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩
তৃতীয় খণ্ড

ঘাৰ মচৰিয়া লাখি মাৰিবো চৰণে।
হৈবেক মুকুত নিষ্ঠে জানা সেহিক্ষণে॥
মাধৱৰ বৰ পায়া সিটো যাও হইব।
পিতৃ শ্ৰাদ্ধ দিনাখনে তাহাক মেলিব॥ ১৪৩৪
শঙ্কৰ স্বৰূপে বাইব তোক মদ্দিবাক।
নাৰীৰূপ ধৰি তুমি দেখিবা আমাক॥
দণ্ড চাৰিমান মোৰ ৰূপ নিৰেখিবা।
কৰিবা কাতৰ মোক নমস্কাৰ কৈবা॥ ১৪৩৫
তেবে মুক্ত হৈবা তুমি বুলিলো বুজায়।
কমলীধৰাত তাত কৈলো অভিপ্ৰায়॥
শুনিয়া পৰমানন্দ বৰ ৰঙ্গ ভৈলা।
পৰম সন্তোষে ৰাজপথে চলি গৈলা॥ ১৪৩৬
দেখি লোকে লাগ পাই কৰে নমস্কাৰ।
সৰস্বতী মিশ্ৰ পথে লাগ পাইলা আৰ॥
শঙ্কৰৰ তেজ দেখি নমস্কাৰ কৈলা।
শৰণ লইয়া বিপ্ৰে ঘৰে চলি গৈলা॥ ১৪৩৭
কতোক্ষণে পাইলা গৈয়া আপুনাৰ ঘৰ।
শঙ্কৰে গাৱৰ পাচে খসাইলা কাপোৰ॥
বুঢ়াখাক আদি কৰি যত ভূঞাগণ।
পৰম আনন্দে বাৰ্তা সোধে সৰ্ব্বজন॥ ১৪৩৮
যেনমতে যাগুক মৰ্দ্দিলা শৃঙ্গে ধৰি।
চাৰিভুজ তৈল দেখিলোহো নেত্ৰ ভৰি॥