পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩০৮
গুৰু-চৰিত

ইটো কন্যা কিনো তপ পূৰ্ব্বে আছে কৰি।
আৰু চাই ডেকাগিৰি আছে নেত্ৰ ভৰি॥ ১৪০৬
দণ্ড দুই চাৰি মান চাহিয়া আছন্ত।
গাৱ কাতি কৰিয়া শঙ্কৰ চলিল॥
গৰুৱা চৰাই সতী আসিলন্ত চাই।
চক্ষুৰ লোতকে ধাৰা দণ্ডে বহি যায়॥ ১৪০৭
যাওক লাগিয়া মহাবেগে চলিলন্ত।
পথত চলন্তে বিপ্ৰগণে লাগ পান্ত॥
কৈক লাগি ব বা বুলি তাহান্তে সোধয়।
শঙ্কৰে বোলন্ত ঐৰপৰা আসো গই। ১৪০৮
আলি হন্তে একগোটা পথ গৈয়া আছে।
পথৰ মধ্যত এক লোক পাইলা পাচে॥
শঙ্কৰক দেখি কৰিলন্ত নমস্কাৰ।
বোলে ডেকাগিৰি শুনা কাৰণ ইহাৰ॥ ১৪০৯
ৰ ৰা এক আসিয়া মিলিল।
এহি পথে নৱজন লোকক মাৰিল॥
যাওক ভৰাই লোক ইপন্থে নৰায়।
গৈলে তেতিক্ষণে তাক মাৰিয়া পেলায়॥১৪১০
হেন জানি ডেকাগিৰি পালটি যায়োক।
শঙ্কৰ বোলন্ত মোক যাও দেখায়োক।
মহা ভয় হয়া সিটো ৰ বোলয়।
লোক লাগি মোৰ শক্তি নাহিকয়॥১৪১১