পৃষ্ঠা:গুৰুচৰিত.djvu/৩০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় খণ্ড মৃগ দেৰি হৰি ভৈতে সৰ্বজনে। বল ডেকাগিৰি বুলি প্ৰশংসে সজনে। জাতি মিত্ৰ বন্ধু যত আনিলা মতই। ব্ৰাহ্মণ সজ্জন সবে ভৈলা এক ঠাই॥১৩২৪ একোৰ্দিষ্ট শ্ৰাদ্ধ কৰি যেবে পিণ্ড দিল। ব্ৰাহ্মণগণক পাচে দক্ষিণা কৰিল। দান পাই বিগণ নিজ্ঞ থানে গৈলা। এহিমতে যেবে সবে এক থান ভৈলা॥১৩২৫ মৃগ মাৰি তাৰ মাংসচয়ক ৰন্ধাই। ভুসকলক সবে আনিলা মতই। পৰম কৌতুকে তাৰ অন্ন ভুলি। মুখশুদ্ধি লাগি পাণ তাম্বুল দিলন্ত॥১৩২৬ সতকাৰ পায়া যেবে সবে চলি গৈল। তানিয়োক তাত পচে যেন কথা ছৈল। যেবে ক্ৰীড়া কৰি ফুৰা শ্ৰীমতশঙ্কৰ। দেখি বুঢ়ীআইৰ নহে কলেৱৰ।১৩২৭ হাক ডাক শুনে কাড়তে দিন যাই। পণ্ডিতালি গুণ শঙ্কৰৰ দেখে নাই। জয়ন্ত মাধৱ দেখি কত বিষাদ। মূখ হেন শঙ্কৰে দেখাইল ইটো বাদ॥১৩২৮ হলায়ুধ বোলে ইটো কিনো বিপৰ্যয়। বুঢ়াখায় দেখে কাতি নসহে হৃদয়।