পৃষ্ঠা:গুৰুচৰিত.djvu/২৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮১
দ্বিতীয় খণ্ড

শুহ ঘৰিয়াল তাত  ৰঙ্গে ডুবে অসংখ্যাত
দেখি তাৰ সহৰিব মন।
পৰম আনন্দ কৰি   শংকৰে হাতত ধৰি
মৃদু বাক্যে বুলিলা বচন ৷৷২৮৭
শুনা গুৰুপুত্ৰ ৰাম   কৰো আসা এক কাম
 সান্হুৰি সিপাৰে সবে যাওঁ।
দুই নাৱ দুই পাশে  বায়া যাওঁ দুইকাষে
 পাৰ হৈবে পাৰে কোনে চাওঁ।৷
মৰো যদি পানী খাই   আত কিছো লজ্জা নাই
 জাম্প দিয়া উঠিবো নাৱত।
হেন বাক্য শুনিলন্ত   তৎকালে উঠিলন্ত
ৰামৰাম আদি কৰি যত॥ ১২৮৮
অনন্তৰে বুলিলন্ত  সৰ্ব্বজয় শুনিলন্ত
শংকৰে কৰিয়া অল্পহাস।
চাণ্ড ভিতা তিনিজনে  তুমি সবো তেতিক্ষণে
উঠা নাৱে নছাৰিব পাশ।৷
হেন শুনি আনন্দিত  গৈয়া নাৱে উঠিলন্ত
সৰ্ব্বজয় মহন্ত প্ৰধান।
এহি যুক্তি কৰি সবে  সান্হুৰিয়া বাই তেবে
পাইলে অৰ্দ্ধভাগ মান॥১২৮৯
একো ভাগ কেহো গৈলা  সান্হুৰি ভাগৰ ভৈলা
উঠিলেক নাৱৰ উপৰে।