পৃষ্ঠা:গুৰুচৰিত.djvu/২৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৯
দ্বিতীয় খণ্ড

হৰি গুৰু ভকতক কৰা দৃঢ় মতি।
হৃদয়ত বান্ধি যত্নে ধৰিয়ো সম্প্ৰতি॥১২৮১
বিষয় কথাত চিত্ত চলে পাতেকক ।
হৰিৰ সেৱাত চিত্ত যাই ঈশ্বৰক ॥
এহি নিষ্ট জানি শুনি কৃষ্ণ গুণনাম।
ধৰা একমনে সাধিবেক সৰ্ব্বকাম ॥১২৮২
কহে ৰামচৰণে গুৰুৰ পাৱে ধৰি।
যাৰ ইচ্ছা আছে যাইবে সংসাৰক তৰি।
সংসাৰ সাগৰে গুৰু বিনে গতি নাই।
বোলা ৰাম ৰাম কৈত পৰিল পৰাই॥১২৮৩



ছবি

আত অনন্তৰে আবে   শুনিয়োক সাধুসবে
আউৰ দিনা কৰিলন্ত যেন।
পোহাইল ৰজনী জানি   সবাহাঙ্কে মাতি আনি
কহিলা শঙ্কৰে কৰা হেন ॥
বলিয়া সামাজ পাতি   আলচ কৰিলা আতি
গাৱ ধূইয়ে বুলি লৌহিত্যত।