পৃষ্ঠা:গুৰুচৰিত.djvu/২৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
গুৰু-চৰিত

বালকসকলে বোলে কিনো অদভূত।
মহাশক্তিমন্ত ইটো কুসুমৰ সুত॥
দেখি শিশু সমস্তৰ মনত বিস্ময়।
হেন কৰ্ম্ম দেখি সবে তধা দি আছয়॥ ১২৬৫
যেনমতে বসি জলে আছা কতো বেলি।
চাই চাই বালকে কৰয় ৰঙ্গ কেলি॥
আত অনন্তৰে আবে শুনা সবে নৰে॥
সবাকো সম্বোধি চাই মাতিলা শঙ্কৰে॥১২৬৬
পৰম লাৱণ্য কৰি বুলিলা বচন।
বুৰ দিবো আবে আমি ভাঙ্গিলো আসন॥
ৰামৰাম বোলে বুৰ নেদিবো নেদিবো।
পানী খায়া খায়া আমি সবেও মৰিবো॥১২৬৭
হেন শুনি শঙ্কৰে ওভোত গোড় হুই।
দিলা বুৰ তেখনে মাটিক মুণ্ডে চুই॥
আসন ভিৰিয়া আঠু চপাইলেক যাই।
শিশুসবে দেখে কিছু আছয় ওলাই॥১২৬৮
শাৰী হুয়া চাই বসি আছয় বামত।
বিপৰীত দেখি বাক্য হৰিষ মুখত॥
কতোবেলি আসি পাচে উঠিলা দুনাই॥
দেখন্তাৰ ভয় তান ভ্ৰূভঙ্গ যে নাই॥১২৬৯
ৰামৰামে বুলিলন্ত শঙ্কৰক চাই।
হেন কথা শুনিলে খজিবে বুঢ়ীআই॥