পৃষ্ঠা:গুৰুচৰিত.djvu/২৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৫
দ্বিতীয় খণ্ড

হেন পূৰ্ব্ব কথাক শঙ্কৰে মনে গুণি।
তাতে তাক মোক্ষপদ দিলন্ত আপুনি॥১২৫৯
মহা ভাগ্যৱন্ত আৰো নাহি তাক সৰি।
কোনোদিনা বৈকুণ্ঠক যাইবে সিটো মৰি॥
ইসব কথাৰ আবে এহিমানে থওঁ।
শুনা শঙ্কৰৰ লীলা তাত পৰে কওঁ॥১২৬০
একদিনা লৌহিত্যত গাৱ ধুইবে গৈলা।
তহিতে শঙ্কৰদেৱ এক কৰ্ম্ম কৈলা॥
কতোবেলি তীৰত বসিয়া আছা ৰঙ্গে।
জলত নামিলা পাচে বালকৰ সঙ্গে॥১২৬১
এহিমতে জলক্ৰীড়া কৰন্ত বিস্তৰ।
ষাঠিজন ছৱাল পৰম ৰুচিকৰ॥
অনন্তৰে শঙ্কৰে বুলিলা এক কাৰ্য্য।
ৰামৰাম আদি শুনা বালক সমাজ॥১২৬২
আসা সবে বসো এহি জলৰ ওপৰে।
হেন বাক্যচয় পাচে বুলিলা শঙ্কৰে॥
ৰামৰাম গুৰু তাক শুনি হেন পাচে।
বোলে জলে বসিবাক কাৰ শক্তি আছে॥১২৬৩
শঙ্কৰে বোলন্ত গুৰু শুনিয়োক তাত।
বসিবো জলত আমি দেখিয়ো সাক্ষাত।
এহি বুলি তেতিক্ষণে পদ্মাসন ভিৰি।
নিৰ্ভয় স্বৰূপে বসিলন্ত ডেকাগিৰি॥১২৬৪