বোলে অকাৰণে দুয়ো কিসক শাপিলা।
অনাদোষে কেনে হেন পাতক সাঞ্চিলা॥
হেন শুনি দুয়ো দ্বিজে দণ্ডৱতে পৰি।
শাপ অন্ত দিয়ো বুলিলন্ত পাৱে পৰি॥১২৫৪
বুলিলন্ত দেৱঋষি তাসম্বাক চাই।
ইটো ৰাজা জন্মিবে জন্তুৰ গৰ্ভে যাই॥
যদুকুলে কৃষ্ণে পাচে কৰিবে উদ্ধাৰ।
থাকিবা স্বৰ্গত তেবে পাইবাহা নিস্তাৰ॥১২৫৫
নন্দে গৈয়া কুসুম হৈবাহা অনন্তৰে।
তুমি দুয়ো কুত্তা তৈতে হৈবা তান ঘৰে॥
সেহি কৃষ্ণে পুনু পুত্ৰ হৈবা কুসুমৰ।
জগত প্ৰসিদ্ধ তেন্তে নামত শঙ্কৰ॥১২৫৬
তোমাসাৰ গৰ্ভে গৈয়া ৰাজায়ো জন্মিব।
মোৰ বাক্য পালিয়া শঙ্কৰে নিস্তাৰিব॥
এহি বুলি দেৱঝষি মৌন হুয়া ৰৈলা।
মুনিক প্ৰণামি পুনু দ্বিজ চলি গৈলা॥১২৫৭
কঙ্কলাস নাম ভৈলা ৰাজা ৰমৰ বচনে।
নাৰদী পুৰাণে কয় শুনা সৰ্ব্বজনে॥
তাতে নন্দ কূপত আছিল ৰাজা পৰি।
কৃষ্ণে তাঙ্ক তুলিলা স্বৰ্গত গৈলা লৰি॥১২৫৮
সেহি পাপ অৱশেষে লৈয়া আসি পুনু।
ইঠাৱত ভৈল আবে কুকুৰৰ তনু॥
পৃষ্ঠা:গুৰুচৰিত.djvu/২৯০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
গুৰু-চৰিত