পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
দ্বিতীয় খণ্ড

প্ৰতিগ্ৰাহী ধৰিলে গৰু চিনি পাই।
বোলে আবে ধেনু তুই পাইলি কোন ঠাই॥১২৪৮
এহি বুলি দুয়ো দ্বন্দ্ব লগাইলেক ঘোৰ।
গৰু ধৰি কৰে ঘোৰ আজোৰ পিজোৰ॥
হেন ভাৱে গৈলা পাচে ৰাজাৰ আগক।
দেখি নৃপতি বুলিলন্ত ব্ৰাহ্মণক॥১২৪৯
তুমিসবে কিকাৰণে কৰা আবে দ্বন্দ্ব।
প্ৰতিগ্ৰাহী বোলে আবে শুনা মহামন্দ।
আগে দান কৰি কেনে অন্যায় কৰিলি।
মোৰ গৰু আনি তই তাক কেনে দিলি॥১২৫০
হেন শুনি বোলে ৰাজা কৰি হাতযোৰ।
শান্ত হুয়া দুয়োজনে দোষ ক্ষমা মোৰ॥
একজনে এৰা যদি দিবো লক্ষগুণে।
ৰাজাৰ বচন বিপ্ৰে শুনিয়ো নুশুনে॥১২৫১
পূৰ্ব্বস্বামী বোলে মই কিনো মন্দভাগী।
হেন দান দিলি লঘু কৰিবাক লাগি॥
এহি বুলি দুয়ো বিপ্ৰে অসন্তোষে আছে।
গৰ্ব্বমদে অন্ধ হুয়া শাপ দিলা পাছে॥১২৫২
হেন সময়ত আসি থেকিলা নাৰদ।
তাঙ্ক দেখি ৰাজা বৰ ভৈলন্ত আনন্দ॥
পূৰ্ব্বাপৰ কৈলো ৰাজা দানৰ ব্যৱস্থা।
মহামুনি সিদ্ধান্ত দিলন্ত শুনি কথা॥১২৫০
 ১৮