পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
দ্বিতীয় খণ্ড

অন্ধা মুন্ধা চক্ষুবান্ধা ফুৰে যেন কণা।
দুখ পাইলে কতো লগাৱয় হনাদনা॥১২৩৭
লাগয় কন্দল ঘোৰ কৰে হুৰাহুৰি।
ভাঙ্গয় কন্দল আসে শঙ্কৰৰ গুৰি॥
মাৰে গলদঙ্গা কতো কৰয় হাতৰি।
আনন্দ কৰিয়া ৰঙ্গে কুৰয় বাগৰি॥১২৩৮
হাতে গলে ধৰি কৰে আন্দোলা আন্দোলি।
জোটা জুটি কৰি নাচে হাত তুলি তুলি॥
চতুষ্পাৰ্শে শঙ্কৰক আঠুদুই পাৰি।
কৰয় গোচৰ যেন ৰাজাক আৱৰি॥১২৩৯
ৰামৰাম বালক ভৈলেক মুখ্যমন্ত্ৰী।
তাহাকো আদৰ আতি সবেয়ো কৰন্তি॥
বনগঞা কেতায় ভৈলেক পাত্ৰ প্ৰায়।
কৰন্ত গোচৰ সবে দুহান্তৰ ঠাই॥ ১২৪০
ৰাজা প্ৰজা বৰা ভূঞা ভৈলা গাৱে গাৱে।
হেনমতে খেলা তৈতে কৰে নানা ভাৱে॥
তাক এৰি দলিযুদ্ধ খেলা ৰঙ্গে কৰে।
গাৱে দলি পৰি কতো জল পৰি মৰে॥১২৪১
শঙ্কৰে লৱড় দিয়া আথবেথ কৰি।
কৰে শোধা পোছা ৰসি তাক তুলি ধৰি॥
ঘাতি ভৈলে উঠয় কান্ধত দেৱ দিয়া।
নমাঙ্কয় তাক পাচে কতো দূৰে নিয়া॥১২৪২