পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
গুৰু-চৰিত

জগতৰ গুৰু যিটো পৰম উত্তম ।
নুশুনিবে তান লীলা কোননো অধম ॥
হেনয় শঙ্কৰ প্ৰভু দেৱ শিৰোমণি ।
তান যশ ধৰ্ম্ম মহাপাপৰ অগনি ॥ ১২৩২
এহি লীলা গৈল নব দশ বৰিষৰ ।
শুনা আতপৰে আৰো কীৰ্ত্তি শঙ্কৰৰ ॥
পৰম আনন্দে বালকক লগে লৈয়া ।
দলিযুদ্ধ ঘিলা খেলে গৰু-জাকে গৈয়া ॥১২৩৩
একাদশ বৰিষৰ কহো আবে কৰ্ম্ম ।
ছদ্মৰূপে প্ৰচাৰিলা হৰিভক্তি ধৰ্ম্ম ॥
শঙ্কৰৰ দুই ভাই ৰামৰাম আদি ।
ষাঠি জন বালক ক্ৰীড়িয়া ফুৰে নদী ॥১২৩৪
ধ্বজাৰ কান্ধত সদা শঙ্কৰ উঠয় ।
উবনায়ে বনগঞাগিৰিক বহয় ॥
ফুৰে খেলা কৰি ৰঙ্গে আনন্দিত কৰি ।
যেন ময়মত্ত সিংহ শঙ্কৰ শ্ৰীহৰি ॥ ১২৩৫
এক দিন কণ ঢোপ খেলিবাক গৈলা ।
ৰামৰাম আদি বালকক লগে লৈলা ॥
আপুনি ভৈলেক এক ওজা অনুপাম ।
আউৰ তিতি ভৈল গুৰুপুত্ৰ ৰামৰাম ॥ ১২৩৬
ভেকুৰীৰ বস্ত্ৰ বাটি সাজিলন্ত ঢোপ ।
মাৰে কোব কাকো গৈলা কৰি চোপাচোপ ॥