পৃষ্ঠা:গুৰুচৰিত.djvu/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৪
গুৰু-চৰিত

বালকসকলে সবে গৈল ঘৰা ঘৰি ।
ৰৈল তথা দুয়ো ভাই আনন্দিত কৰি।।
ভোজন কৰিলা পাচে মহা মন ৰঙ্গমনে ।
পৰম আনন্দে দুয়ো জন এক সঙ্গে॥১১৯৯
হেন লীলাচয় কৰি থাকিলা শঙ্কৰে।
শুনা সমাজিক আবে আত অনন্তৰে।।
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
আনিলন্ত কৃষ্ণে গৈয়া মনে দুখ কৰি ।। ১২০০
গান্দি নাম তাৰ বৰুণৰ দূত সিটো।
নন্দক নিবাৰ দোষে শুহ ভৈলা ইটো ।।
আঠ নৱ বৰিষৰ গৈলা এহি কথা।
শঙ্কৰে কৰিলা আৰৰ শুনিয়োক তথা॥১২০১
ৰাতি দিনে ফুৰে আতি খেলা লীলা কৰি।
অনাদোষে লোকৰ বালক মাৰে ধৰি।।
হেন দেখি বুঢ়ীআই মনে কৰে দুখ।
ইহাৰ নিমিত্তে মোৰ কিছো নাহি সুখ॥১২০২
অবচনকাৰী শিশু কোন বুদ্ধি কৰে।
আজি আক আবে মই কেনমতে ধৰো ।।
হেন জানি শঙ্কৰে নাসন্ত ৰে পাচে।
দ্বিপৰক লাগি বুঢ়ী বাট চাই আছে ।।১২০৩
নাসন্ত শঙ্কৰদেৱ মাৰিবাক ডৰে ।
বিচাৰিৰে মনে বুঢ়ী গৈল অনন্তৰে ।।