পৃষ্ঠা:গুৰুচৰিত.djvu/২২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
দ্বিতীয় খণ্ড

হৃদয়ৰ বন্ধু মোক দিয়ে উপদেশ।
কৰোহো কাতৰ বাপ হে হৃষীকেশ॥ ৯৮৩
শুনা সৰ্বজন সভাসদ নিৰন্তৰ।
নেৰিবাহা মত কেহো শঙ্কৰদেৱৰ॥
জ্ঞানশূন্য মূৰুখ কহয় বাম পাপী।
ৰাম বুলি ধৰা হৰি গুৰুপদ চাপি॥৯৮৪

⸻⸻


ছবি

আত অনন্তৰে আবে শঙ্কৰদেৱৰ যেবে
 নৱ মাস আসি প্ৰবেশিলা।
লৱৰি ফুৰন্তে আতি  কৰি মহা লীলা গতি
  আঙ্গিনা চোতালে কৰি লীলা॥
শুনিয়োক সৰ্ব্বজন  শঙ্কৰত দিয়া মন
 একদিন তৈতে যেন ভৈলা।
আছন্ত চোতালে বসি  যেন পূৰ্ণিমাৰ শশী
  সেহিবেলা মায়া এক কৈলা॥ ৯৮৫
চোতালক সাঞ্চে মাধৈ ওপৰত মেঘে গৰ্জ্জে
 পৃথিবীও ঘনে ঘনে লৰে।
হিৰ হিৰ কৰে স্বৰ্গে  শুনি কাম্পে প্ৰজাবৰ্গে
 যেন মেঘ পৃথিৱীত পৰে॥