পৃষ্ঠা:গুৰুচৰিত.djvu/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
গুৰু-চৰিত


উঠা বুলি বুঢ়ীয়ে ধৰিয়া দোঙ্গা দিল।
আচোক দাঙ্গিৰে লৰিবাক নপাৰিল॥
দাঙ্গিবে নপাৰি ৰৈল খোস মোস হুই।
তথা দিয়া আছয় আঙ্গুলি নাকি চুই॥৯৪৫
অনন্তৰে দেৱীৰ মূৰ্ত্তিক ধৰি তুলি।
আসনত থৈলন্ত অনেক তুতি বুলি॥
শঙ্কৰৰ কায়া গোট যেন ৰত্ন দীপ।
কোলে লৈবে লাগি পুনু চাপিল সমীপ॥৯৪৬
উঠা বাপ বুলিয়া কোলাত লৈয়া নিয়া।
সাবটি ধৰিয়া বুঢ়ী মুখে চুমা দিয়া॥
বিস্ময় দেখিয়া সতী মনে মনে বোলে।
শঙ্কৰক লৈয়া গৈলা কুসুমৰ কোলে॥৯৪৭
দেখন্ত কুসুম সূৰ্যবৰ সমে আছে।
দুইয়ো আগে খৈলা নিয়া শঙ্কৰক পাচে॥
কহিলন্ত হেন কথা সতী মহাভাগে।
দেৱীৰো বৃত্তান্ত কৈলা দুই হন্তৰ আগে॥৯৪৮
এহিমতে বসি সবে আছা ৰঙ্গ মনে।
শুনা আৰো কৈলা তৈত শঙ্কৰে তেখনে॥
কুসুমৰ কোলাত বসিলা জাম্প দিয়া।
বুকে বান্ধি মুখে চুমা দিলা সাবটিয়া॥
হেন লীলা কৰি যেবে থাকিলন্ত তথা।
আত অনন্তৰে শুনা যেন ভৈল কথা॥