পৃষ্ঠা:গুৰুচৰিত.djvu/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
গুৰু-চৰিত

কুসুমেও তেখনে চাইলন্ত মাথা তুলি।
মাতিলন্ত দুইকো দেখি আসা আসা বুলি॥
উঠি আগবাঢ়িয়া কুসুমে গৈলা চলি।
প্ৰণামিলা গুৰুক কৰিয়া কৃতাঞ্জলি॥৯২৩
দিলন্ত আসন দুইকো পখালিয়া ভৰি।
বসিলা আসনে পাচে আনন্দিত কৰি॥
নৰোত্তমে বোলে ওবা শুনা সূৰ্যবৰ।
সৰ্পগোট দেখিলো উপৰে শঙ্কৰৰ॥৯২৪
তোৰাসবে নেদেখিলা দেখিলোহো আমি।
অদ্যাপিও দেখা মোৰ গাৱ আসে ঘামি॥
হেনয় বচন যেবে শুনিলা গুৰুৰ।
কুসুমৰ হিয়া খানি কৰে ধুৰ ধুৰ॥৯২৫
বুঢ়ী বোলে লগত থাকিয়া নেদেখিলো।
কৰিলেক মায়া বাপু শঙ্কৰে জানিলো॥
এহি বুলি যসি সবে বিস্ময়ে গুণয়।
গুৰু বেলে দেখিলোহো কিনো বিপৰ্যয়॥৯২৬
সূৰ্য্যবৰে বোলন্ত গুৰুৰ মুখ চাই।
তুমি আসি সৰ্পক দেখিলা কোন ঠাই॥
ইটো কথা গুৰু তুমি নকৈবা আনক।
ব্ৰাহ্মণে শুনিলে দিবে আঙ্গুলি কাণত॥৯২৩
বহুবিধ উপহাস কবিবেক চাপি।
উপালম্ভা কৰিবেক নিন্দাকৰী পাপী॥