পৃষ্ঠা:গুৰুচৰিত.djvu/২১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
গুৰু-চৰিত

দলদোপে মেদিনী প্ৰজাৰ সীমা নাই।
লৰিবে নোৱাৰি গাৱৰ ৰে ছাল যাই॥ ৮৯৫
লৌহিত্যৰ তীৰে ভৈল ধূলায়ে আন্ধাৰি।
বিপ্ৰ ভূঞা বসিছা কমলী বস্ত্ৰ পাৰি॥
কুসুমে বুলিলা পাচে বুঢ়াখাক।
সতাক লাগিয়া শঙ্কৰক আনা বাই॥ ৮৯৬
শুনিয়া বুঢ়াখা চলি গৈলন্ত সত্বৰে।
শঙ্কৰৰ ওচৰ পাইলন্ত অনন্তৰে॥
উঠা বাপু বুলিয়া কোলাত কৰি লই।
পুনৰপি সভা মধ্যে এবেশিলা গই॥ ৮৯৭
শঙ্কৰক দেখিয়া সমাজে ভৈল থিৱ।
আশীৰ্ব্বাদ কৰি বোলে হুয়ো চিৰঞ্জীৱ॥
শয্যা পাৰি শঙ্কৰক থৈলন্ত শুৱাই।
কাউ বাউ কৰি লোকে তাঙ্ক বেঢ়ি চাই॥ ৮৯৮
পুনৰপি ৰসিলন্ত সবে মনে গুণি।
শঙ্কৰৰ সম শিশু নতু দেখি শুনি॥
সপোন দেখিয়া যেন বসিলন্ত জাগি।
উলটি পালটি চাৱে শঙ্কৰক লাগি॥ ৮৯৯
গৌৰবৰ্ণ এৰি তনু ভৈল মেঘময়।
অসংখ্যাত লোক দেখি ভৈলন্ত বিস্ময়॥
চতুৰ্ভুজ হেন দেখি নেদেখয় কতো।
কেহো কেহো বোলে আমি দেখো হেন মতো॥ ৯০০