পৃষ্ঠা:গুৰুচৰিত.djvu/২১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
দ্বিতীয় খণ্ড

ভুঞ্জি খাই দ্বিজগণে বসি বোলে পাচে।
কুসুমৰ সম ভূঞা আন কোনো আছে॥ ৮৮৪
হাস্য লাস্য কৰি বিপ্ৰসবে বোলে বাণী।
শুনি আছো ভূঞাৰ জন্মিছে পুত্ৰ খানি॥
এহি বুলি শঙ্কৰক আশীৰ্ব্বাদ কৰি।
জয়ধ্বনি কৈলা সবে দেৱীক সুমৰি॥ ৮৮৫
কুসুমে বোলন্ত মোৰ এহি বৰ হৌক।
পুত্ৰৰ কল্যাণ আশীৰ্ব্বাদ কৰা মোক॥
হেন শুনি পুনৰপি কৈলা আশীৰ্ব্বাদ।
কৰিলন্ত বিপ্ৰে পাচে জয় জয় নাদ॥ ৮৮৬
এহি বুলি দ্বিজগণে মৌন হুয়া ৰৈলা।
ব্ৰাক্ষ্মণৰ ঘঞ্চাল শৱদ বৰ ভৈলা॥
প্ৰহৰেক বাট হন্তে শুনি ৰোল মাত।
চাই চাই লোকে গালে মুখে দেই হাত॥ ৮৮৭
লৌহিত্যৰ তীৰে তৈতে কতো দূৰ জুৰি।
মেৰুৰ উপৰে যেন দেখি ব্ৰক্ষ্মপুৰী॥
শাৰী শাৰী বসি আছা ব্ৰাহ্মণসকলে।
একো একো বিপ্ৰৰ মুখত অগ্নি জ্বলে॥ ৮৮৮
পৰম তেজস্বী বিপ্ৰসৰ হৰি মূৰ্ত্তি।
সৰ্ব্বদায়ে মুখে তাৰ বেদশাস্ত্ৰ স্মৃতি॥
হেনয় ব্ৰাক্ষ্মণসব আসিয়াছে তথা।
সভাৰ লোকৰ আবে শুনিয়োক কথা॥ ৮৮৯