পৃষ্ঠা:গুৰুচৰিত.djvu/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
দ্বিতীয় খণ্ড


পৰম পৱিত্ৰ ইটো কথা শঙ্কৰৰ।
নমানয় একো কিনো বুদ্ধিহীন নৰ॥
পৰম অজ্ঞানী কিনো লোক হৰি হৰি।
নাৰী যোনিত উপজিবে মৰি মৰি॥৬৯৩
গুৰুনিন্দা পাতকে ধৰিবে বেঢ়ি বেঢ়ি।
নৰক ভুঞ্জিবে শৰীৰক এৰি এৰি॥
কাক গৃধ্ৰে সেহিটো পাপীক নখাৱয়।
অনন্ত জনম সিটো সংসাৰে ভ্ৰময়॥৬৯৪
হেন পাপীসকলৰ নকৰিব সঙ্গ।
ভকতসবক দেখিলাতে কৰে ৰঙ্গ॥
গুৰু দেৱ গুৰু আত্মা গুৰু মহেশ্বৰ।
গুৰু পিতৃ মাতৃ নিজ গুৰুসে ঈশ্বৰ॥ ৬৯৫
গুৰু বিনে সংসাৰত বন্ধু নাহি আন।
ভকত জনৰ নিজ গুৰু আত্মা প্ৰাণ॥
হেনয় গুৰুক নিন্দে পাপী মূঢ়মতি।
মৰি হীন যোনিত হুইবে উতপতি॥৬৯৬
সকল শাস্ত্ৰতে ইটো কথা কহিছয়।
তথাপিতো পাপী আক দেখি নেদেখায়॥
কিনো মূৰ্খ কিনো মূৰ্খ কিনো মূৰ্খ নৰ।
মোহে অন্ধ হুয়া নিন্দে অজ্ঞানী বৰ্ব্বৰ॥৬৯৭
শঙ্কৰৰ গুণ কৰ্ম কহে যশ ভৰি।
সংসাৰ-সাগৰ সি তৰে যাক স্মৰি॥