পৃষ্ঠা:গুৰুচৰিত.djvu/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
গুৰু-চৰিত


জয়ন্ত মাধৱ বুঢ়াখাক আদি কৰি।
সবলোকে চলিয়া গৈলন্ত ঘৰা ঘৰি॥৬৭৬
কুসুকে ৰহিলা গৈয়া আপুনাৰ ঘৰে।
সেহি দিনা এক মায়া কৰিলা শঙ্কৰে॥
ডেৰ পৰ বেলা যেবে সিদিনাৰ আছে।
কুসুম গৈলন্ত চলি শঙ্কৰৰ কাছে॥৬৭৭
মহা দিব্য আসনে শঙ্কৰ শুতি আছে।
শুক্লবৰ্ণ সৰ্প এক কুসুমে দেখে পাচে॥
সহস্ৰেক শিৰে সমে আছে ছত্ৰ ধৰি।
পাৰিষদগুণে বেঢ়ি আছয় আৱৰি॥৬৭৮
হেন দেখি কুসুমৰ লাগিল শঙ্কা মন।
শঙ্কৰৰো দেখে আৰো ৰূপ বিতোপন॥
বিস্ময় দেখিয়া পাচে মুদিলন্ত আখি।
চতকে চক্ষুক যেন ঢাকিলন্ত পাখি॥৬৭৯
চান্দেৰী মাধৱী বুঢ়ী আই তিনি জন।
সিসব কথাক তভো নকৰয় মন॥
শঙ্কৰৰ মায়ায়ে মোহিত মন আতি।
কুসুমেয়ো তথাতে পৰিল হুয়া কাতি॥৬৮০
পুনৰপি বসিকা নিদ্ৰাৰ যেন জাগি।
মনত গুণয় সৰ্প গৈলা কৈক লাগি।
বসি আছে চতুৰ্দ্দিকে নিহালি চাহন্ত।
দেখি পূৰ্ব্ববতে শুতি শঙ্কৰো আছন্ত॥৬৮১