পৃষ্ঠা:গুৰুচৰিত.djvu/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
দ্বিতীয় খণ্ড


সূৰ্য্যবৰ আদি সব বসিলা আৱৰি।
খেৰসুতী কালে কুসুমৰ গলে ধৰি॥
চোৱা-চাই কৰি কান্দে লোক নিৰন্তৰ।
চান্দেৰীৰ কোলে শুতি আছন্ত শঙ্কৰ॥৬৪৯
কল খীৰ উপহাৰ বস্তু দেই আনি।
নখাৱয় কিছো মাতৃ মৰি আছে জানি॥
সবে বোলে নিজীৱয় মৰিবে বালক।
সূৰ্যবৰে বোলে বাপু চোৱাহা কিসক॥ ৬৫০
সেহিবেলা নিশা আহি ভৈলা উপাগত।
শঙ্কৰক বেঢ়ি ৰৈলা জ্ঞাতি বন্ধু যত।
কুসুম বুঢ়াখা সতানন্দ তিনি জন॥
পাত পাৰি বাহিৰত কৰিলা শয়ন॥৬৫১
শঙ্কৰৰ দুখ পাশে লগাই দুই বাতি।
উজাগৰে বসি সবে বঞ্চিলন্ত ৰাতি॥
বুঢ়ী আই চান্দেৰী মাধৱী তিনিজন।
সৰ্ব্বদায় শঙ্কৰক কৰে নিৰীক্ষণ॥৬৫২
চান্দেৰীয়ে স্তন দেই তাকে নখাৱয়।
কৰে ঘোৰ চিন্তা জানো ছাৱাল মৰয়।
অনন্তৰে কৈলা আসি আদিত্য উদয়।
গুৰুৰ চৰিত শুনা সভাসদচয়।৬৫৩
পঞ্চদশ দিনা কথা এহিমানে গৈলা।
শঙ্ককৰেয়ো ষোল্ল দিনা যেন কথা কৈলা