পৃষ্ঠা:গুৰুচৰিত.djvu/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
দ্বিতীয় খণ্ড

হেন শুনি বুঢ়ীআই মাতে মুখ চাই।
ইসব কথাক কহ তই কেনে আই॥
চান্দেৰী মাধৱী দুয়ো ভৈলন্ত আকুল।
সবন্ধু বান্ধৱে আসি চাপিলন্ত কোল॥ ৬১৬
জ্বৰতাপে সত্যসন্ধ্যা পৰি আছে শুই।
শঙ্কৰক দেখি যেন গাৱে লাগে জুই॥
সেহি সময়ত আসি নিশা কাল ভৈলা।
সূৰ্য্যবৰ কুসুমক মাতিবাক লৈলা॥৬১৭
বন্ধু বান্ধৱক সাবাহাঙ্কে দিয়া জান।
শীঘ্ৰ কৰি মাতি জনাই বুঢ়াখাক আন॥
লগায়োক বাতিক অনায়ো গাছা কুৰি।
দিয়োক পোহৰ লোক সবে চাওক বেঢ়ি॥৬১৮
সূৰ্য্যবৰ কুসুম যে আৰো বুঢ়ীআই।
চান্দেৰী মাধৱী বসি আছে সেহি ঠাই॥
অনন্তৰে বুঢ়াখায়ো শুনিয়া আসিলা।
জয়ন্ত মাধৱ হলায়ুধে খেদি পাইলা॥৬১৯
আনো বন্ধু বান্ধৱ আছয় বত বত।
হেন অথন্তৰ শুনি আসিলা তাৱত॥
তাঙ্ক দেখি সৰ্ব্বলোকে বসিলা আৱৰি।
জয় জয় কৈলা সবে দেৱীক সুমৰি॥৬২০
শঙ্কৰত মাত্ৰ সতী অৰ্পি আছে মন।
চিন্তে শঙ্কৰৰ ৰূপ নেদা সতী স্তন॥