এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
দ্বিতীয় খণ্ড
জয় জয় কৃষ্ণ প্ৰভু শঙ্খ চক্ৰধাৰী।
জয় জয় কৃষ্ণ জগতৰ অস্তকাৰী॥
জয় জয় অচ্যুত অনন্ত সদাশিৱ।
যাত নিবাসয় চৰাচৰ যত জীৱ॥৬০৫
জয় জয় কৃষ্ণ তুমি জগত জননী।
তষু পদ বিনে নাথ নেদেখো তৰণী॥
জগতক ধৰি তুমি আ্ছাহা উদৰে।
হেন হৰি অৱতাৰ আসি মোৰ ঘৰে॥৬০৬
হেন তুতি কৰি যেবে ৰহিলা নিচুকে।
তাত পৰে কথা আবে শুনিযো উসুকে॥
কিবা স্বপ্ন দেখো কিবা প্ৰভুৰেসে মায়া।
বৰ শ্ৰম ভৈল অতি কুসুমৰ জায়া॥ ৬০৭
গুণি গুণি মনত কৰয় কাপ জাপ।
কি দেখি্লো কি দেখিলো ঐ বাপ বাপ॥
একদৃষ্টি কৰি সতী চাহিয়া আছন্ত।
পূৰ্ব্বৱতে শিশুৰূপ শঙ্কৰ ভৈলন্ত॥৬০৮
কৃষ্ণ যেন মায়া কৈলা যশোদাৰ ঘৰে॥
দেখাইলন্ত মুখ মেলি গৰ্ভৰ ভিতৰে॥
শঙ্কৰত পুত্ৰবুদ্ধি তেথনে ভৈনন্ত।
বিষ্ণুজ্ঞান যত আবে সিয়ো গুচিলন্ত॥৬০৯
বিপৰীত কথা ইটো বেদৰ গোপনি।
একচিত্ত কৰি আৰু ৰাত্ৰি দিনি॥