পৃষ্ঠা:গুৰুচৰিত.djvu/১৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
গুৰু-চৰিত

গিৰি গ্ৰাম নদী বন সাগৰ নগৰ।
সমস্তে আছয় দেখে গাৱে শঙ্কৰৰ॥ ৫৯৯
সুস্থ মন হুয়া পাচে কৃতাঞ্জলি কৰি।
অল্প অল্প হাসে পাচে চতুৰ্ভুজ হৰি॥
বুলিবে লাগিলা দেৱী নানা তুতি বাণী॥
কেনে মোক কৰা মায়া প্ৰভু চক্ৰপাণি॥৬০০
নমো নমো নাৰায়ণ দেৱ হৃদীশ্বৰ।
হুয়োক প্ৰাসন্ন মোত বাপ গদাধৰ॥
নমো নমো কৃষ্ণ প্ৰভু জগত উদ্ধাৰ॥
তযু মায়া বিভৱৰ কোনে পাৱে পাৰ॥৬০১
সৰ্ব্বদায়ে যাৰ গতি গৰুড়বাহনে।
যাহাৰ চৰণ চিন্তে মহা যোগীগণে॥
অপ্ৰয়াসে পাৱে যাক ভকতসকলে।
নপাৱয় লাগ যোগী হৃদয়কমলে॥ ৬০২
জয় জয় ভকতৰ প্ৰাণ প্ৰভু হৃদি।
জয় জয় ভকতৰ দেৱ সৰ্ব্বসিদ্ধি॥
জয় জয় জগন্নাথ অনাথৰ গতি।
জয় জয় চৰণত সহস্ৰ প্ৰণতি॥৬০৩
জয় জয় জগতৰ আত্মা পিতা-মাতা।
তুমি বিনে নাই মোৰ আন গতি দাতা॥
হে প্ৰাণবন্ধু ভকতৰ ভয়হাৰী।
মই পাতকীক আবে নিয়োক নিস্তাৰি॥৬০৪