পৃষ্ঠা:গুৰুচৰিত.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
গুৰু-চৰিত

বসিলন্ত বিপ্ৰ ভূল হুয়া শাৰী শাৰী।
আনো বসিলন্ত লোক খেৰ পাত পাৰি॥
বুঢ়াখাক আদি বসিলন্ত বন্ধু জ্ঞাতি।
দেশে দেশে ব্যাপিলন্ত শঙ্কৰৰ খ্যাতি॥৫৩৪
ঘৃত চুৰা জৈন জিবা বাখৰক দিয়া।
নানা ভাৱে ও লাড়ু, আছয় সাজিয়া॥
বহুত কৰিছা সাজ নৈবেদ্যক লাগি॥
শঙ্কৰৰ পিতৃ যে ভুঞ্জায়ে তেন্তে ঘাগি॥৫৩৫
নৰোৰম গুৰু দেখি পুজা আৰম্ভিলা।
কৰ্ণপুৰে চতুৰ্ভুজে মন্ত্ৰ উচ্চাৰিলা॥
পঞ্চশব্দ কৰি লোকে কৰে জয়নাদ।
আকাশ ছানিয়া দেৱে কৰয় সম্বাদ॥ ৫৩৬
স্বৰ্গত মিলিল বৰ আনন্দ উৎসৱ।
সিবেলাত লোকসবে কৰে জয়ৰৱ॥
বহুতৰ নাৰী কুসুমৰ ঘৰে আসি।
উৰুলি মঙ্গল সবে কৰে হাসি হাসি॥৫৩৭
নৰোত্তম গুৰু দিয়া অগ্নিত আহুতি।
কৰন্ত দেৱীক বিপ্ৰে নানা তুতি নতি॥
চতুৰ্ভুজ কৰ্ণপূৰ আদি বিপ্ৰ যত।
কৰন্ত দেৱীক স্তুতি লেখা দিবো কত॥ ৫৩৮
আশীৰ্ব্বদ কৰে যত বিপ্ৰে হুয়া থিয়।
আৰোগ্যতা হৌক শিশু হৌক চিৰঞ্জীৱ॥