পৃষ্ঠা:গুৰুচৰিত.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
দ্বিতীয় খণ্ড

মহা পুৰুষ যে এক নাম হৈব
গঙ্গাধৰ আৰ নাম।
প্ৰসিদ্ধ হৈবেক নাম ৰে শঙ্কৰ
প্ৰচাৰিব নিজ ধৰ্ম্ম॥৪৭৬
যত অৱতাৰ আছে নিৰন্তৰ
অংশ কলা বিভূতিৰ।
সবে শক্তিচয় আনিয়া আছয়
দেখন্তে মহা গম্ভীৰ॥
অনাদি ঈশ্বৰ যিটো মহেশ্বৰ
বাত পৰে নাহি কেৱ।
নাই নাই নাই আন্ত পৰে জানা
পৰম ঈশ্বৰ দেৱ॥৪৭৭
মহা পুৰুষৰ এহি কাৰ্য্য বুলি
শুনিয়ো সবে সমাজ।
আৰো এক কহো পুৰাতন কথা
কহিবে তাহাৰ কাজ॥
লক্ষ্মী সৰস্বতী বাদ কৰি পূৰ্ব্বে
দুই হস্তে দিলন্ত বাগ।
চতুৰ্ভুজ ৰূপ ধৰি নাৰায়ণ
ভৈলন্ত লক্ষীৰ আগ॥৪৭৮
এক ৰূপে প্ৰভু সৰস্বতী আছে
দ্ৰৱ জল হুয়া বৈলা।