পৃষ্ঠা:গুৰুচৰিত.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
গুৰু-চৰিত

নয়ন দুতয় মহা শুভনয়
গাৱে শুক্ল লোম পান্তি॥ ৪৬২
দুই খানি হস্ত আঙ্গুলি চম্পক
কৰ্ণ দুই বিতোপন।
কপাল সুসম ছত্ৰাকাৰ মাথা
কেশ মহা সুশোভন॥
চতুৰ্ভুজ ৰূপ দেখিলেক কতো
নেদেখিলে কতো জনে।
যিটো ব্ৰহ্মৰূপী অনাদি ঈশ্বৰ
যাক চিন্তে যোগীগণে॥ ৪৬৩
ব্ৰহ্মা আদি কৰি দশ দিগপালে
নপাৱয় যাৰ সীমা।
মনুষ্য বুদ্ধিয়ে তাক আবে শুনা
জানিবে কোনে মহিমা॥
চতুৰ্ভিতি বেঢ়ি জয় জয় কৰি
কৰে লোকে শুভ শুভ।
শঙ্কৰৰ শিৰে নাৰীগণে সিঞ্চি
দিলন্ত অক্ষত দূ্ৰ্ব॥ ৪৬৪
সণ্ঢাৰ দলৈয়ে বুঢ়া পাঞ্জি মেলি
গণিবাক ৰঙ্গে লৈলা।
ভিণ্ডি এক বান্ধি চাৰি গুটি বট
আঁম ডালি দিয়া থৈলা॥