পৃষ্ঠা:গুৰুচৰিত.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
গুৰু-চৰিত

হেন শুনি গিৰি আনিলা তেখনে
দেখিল সবে সমাজে॥
জয় জয় বুলি দিলন্ত জোকাৰ
উঠি গৈল উৰ্ম্মি ৰোল।
ছদ্মৰূপে হৰি হাসে ৰঙ্গ কৰি
লোকৰ শুনি আন্দোল॥৪৫৭
চন্দৰী মাধৱী কোলে লৈয়া যায়
সৰ্ব্বলোকে আছে চাই।
জয় জয় বুলি বজায় চাপৰি
ঢুলিয়া ঢোল কোবাই॥
শঙ্কৰক দেখি যত বিপ্ৰ ভূঞাঁ
ঝাঁত কৰি ভৈল থিয়।
আশীৰ্ব্বদ কৰি বিপ্ৰসবে বোলে
হুয়ো বাপু চিৰঞ্জীৱ॥৪৫৮
সবাৰো চকুত ধৰবিল তেজে
সূৰ্য্যৰ যেহেন ৰূপ।
দেখি বিপৰীত লোক শত শত
সমস্তে ভৈলন্ত চুপ॥
উঠিলো বুলিয়া মনত নাহিকা
তধা দি আছয় চাই।
যেন স্বপ্ন দেখি তথাতে দুনাই
বসিলা চেতন পাই॥৪৫৯