পৃষ্ঠা:গুৰুচৰিত.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
গুৰু চৰিত

শঙ্কৰদেৱৰ পচতি উৎসৱ

দুলড়ী

অনন্তৰে আবে শুনিয়োক সবে
শঙ্কৰৰ যেন কথা।
পৰম ৰহস্য যিটো ভক্তি বশ্য
কুসুমৰ ঘৰে তথা॥
অৱতৰি হৰি নৰলীলা কৰি
দেখাইলা মনুষ্য ছলে।
পঞ্চদিনে যেন কৰ্ম্ম কৰিলত
কহিব তাক সকলে॥ ৪৫২
পঞ্চদিনে যেন মহোৎসৱ ভৈল
শঙ্কৰ দেৱৰ তথা।
যত বিপ্ৰসব আসিল সমস্ত
শুনি পচতিৰ কথা॥
সণ্ঢৰা দলৈক আনিলন্ত পনু
আছা বন্ধুগণ যত।
বাঢ়ভূঞা আদি আসিল সমস্ত
আন লোক যত যত॥৪৫৩
অসংখ্যাত নাৰী আসি শাৰী শাৰী
ৰঙ্গ চাহিবাক লাগি।
শিশু বৃদ্ধ যত আসিল সমস্ত
পৰিল জগত ভাগি॥