পৃষ্ঠা:গুৰুচৰিত.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
দ্বিতীয় খণ্ড

দণ্ডৱতে পৰি পাছে কৰিলন্ত তুতি।
বামনেয়ো তুষ্ট হুয়া বুলিলন্ত মাতি॥৪২৪
কুসুমৰ ঘৰে কৃষ্ণ জন্মিৱন্ত গৈয়া।
কলা যে বিভূতি যত অংশ সবে লৈয়া॥
অৱতৰি শঙ্কৰ থাকিবা সেহিথানে।
জন্মিলন্ত তান পাৱে পশিবি শৰণে॥৪২৫
ৰূপখাঁৰ পুত্ৰ ৰামখাঁ যে তান নাম।
ৰাধা ভাৰ্য্যা যিটো তান শান্তী অনুপাম॥
ইসব কথাক আবে থৈয়ো এহিমানে।
শঙ্কৰদেৱৰ কথা শুনা সাৱধানে॥৪২৬
পৰম পৱিত্ৰ ইটো কথা মনোৰম।
শঙ্কৰদেৱৰ আবে শুনা গুণ কৰ্ম্ম॥
একমনে শুনিলে পাতক হোৱে ক্ষয়।
সংসাৰক তৰি মহা মোক্ষক পাৱয়॥ ৪২৭
গণতি কৰিলা যেবে প্ৰথমৰ দিনা।
দ্বিতীয়ৰ দিনা যেন কৰিলেক শুনা॥
সত্যসন্ধ্যা আই তাঙ্ক কোলে কৰি লই॥
মহাসুখে পুত্ৰ মুখে স্তন দিলা গই॥৪২৮
মুখে হুম্পি স্তনক ধৰিলা চক্ৰপাণি।
এৰুৱাইবে নপাৰে স্তনক টানি টানি॥
মহাশ্ৰান্ত ভৈলা সতী আজুৰি পিজুৰি।
ঘোষমোষ কৰি পাচে বহিলা ভাগৰি ॥৪২৯