পৃষ্ঠা:গুৰুচৰিত.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
দ্বিতীয় খণ্ড

বহু কথা কহি কুসুমক মাতি বুলি।
বৃষ ধেনু লভিয়া গৃহক গৈলা চলি॥৪০২
জ্ঞাতি বন্ধু সমন্তে গৈলন্ত ৰঙ্গে ঢঙ্গে।
থাকিলা আপুন গৃহে কুসুমেও ৰঙ্গে॥
আৰো শুনা কুসুমৰ ঘৰে এক কথা।
পৰম হৰিষে সবে শুনিয়ো সৰ্ব্বথা॥৪০৩
কপিলৰ মাৱ যিটো দেৱহুতি আই।
ধেনুৰূপ ধৰি জন্মিলেক সেহি ঠাই॥
পূৰ্ব্বত কপিলে তান্ত জ্ঞান কহিলন্ত।
পুত্ৰ বুদ্ধি কৰি শুনা তাঙ্ক মাতিলন্ত ॥৪০৪
কপিলে বোলন্ত মাৱ শুনা কহো আমি।
সৎসঙ্গত পুত্ৰবুদ্ধি কেন কৈলা তুমি॥
হেন শুনি দেৱহুতি বুলিবাক লৈলা।
মই পাপিষ্ঠীৰ বাপু গৰু বুদ্ধি ভৈলা॥৪০৫
পুত্ৰ বুলি তোমাক মানিলো দুৰাচাৰী।
যেন লাগে কৰা বাপু নিয়োক নিস্তাৰি॥
কপিল বদতি মাৱ শুনা মোৰ বাণী।
কু্সুমৰ ঘৰে কৃষ্ণ জন্মন্ত ষৈসানি॥৪০৬
শঙ্কৰ স্বৰূপে হৰি নৰৰূপ ধৰি।
তাৰিবা কলিত লোক বশক বিস্তাৰি॥
ধেনুৰূপে তান গৃহে জন্মিবাহ তুমি।
ইলব বৃত্তান্ত আবে কহিলোহো আমি॥৪০৭