পৃষ্ঠা:গুৰুচৰিত.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
গুৰু–চৰিত

পৰপুত্ৰ পৰজীউ কতো দেই বিহা ।
যাগ যোগ সকলক নকৰোক স্পৃহা ॥
এহি পাঞ্চ অন্বয় হাঞ্চিৰ কথা গৈল ।
তিনিখান হাৱল ৰাতিৰ কথা কৈল ॥৩৯৭
তপ জপ সন্যাসাদি কৰিবেক দুৰ ।
অযু পুত্ৰে বিপ্ৰব কৰিবে গৰ্ব্ব চুৰ ॥
ভিনিগোটা নাড়ী যিটো মহা বিতোপন ।
বিপৰীত কথা তাৰ শুনিয়ো লক্ষণ ॥৩৯৮
সন্ঢৰায়ে বোলে সবে কৰা জয় জয় ।
তেবেসে ইহাক কহিবাক যোগ্য হয় ॥
হেন শুনি জয় জয় কৰিলা সমাজে ।
কহিবাক লাগিলা সন্ঢৰা দলৈ ৰাজে ॥৩৯৯
নিস্তে নিস্তে শুনা এস্তে দৈৱকীৰ সুত ।
কৰিবেক লীলা এন্তে পৰম অদ্ভুত॥
নিজ গা্ৱ গোটে গুৰু হৈবা জগতৰ ।
তিনি গোটা নাড়ীৰ কাৰণ শুনা তাৰ ॥৪০
প্ৰথম নাড়ীয়ে জানা দেখাৱে দেৱক ।
আউৰ দুই নাড়ী কৱৈ নাম ভকতক ॥
কহিলা বিস্তৰ দলৈ কথা প্ৰপঞ্চিয়া ।
শুনিয়া আছয় লোকে নিজম পৰিয়া ॥৪০১
আদি অন্তু কথা যত সমস্তে কহিলা ।
বস্ত্ৰ বিত ধেনু সুন্টৰাৰ আগে দিলা ॥