পৃষ্ঠা:গুলেনাৰ.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। আগৰ সেই ভাব আছে? থাকিবই বা কিয়? আৰু আছে কি? ৰূপেই আছেনে গুণেই আছে! আৰু মোক ভাল পাব। কিয়? B মোৰ নো তুমি নো উল্‌।—( পিয়াৰাৰ মুৰত হাত বুলাই) কিয় পিয়াৰী, মই তোমাক ভাল নেপাওঁ? পাওঁ জান পাওঁ! সঁচাকৈ খুব পাওঁ, ইমান ভাল পাওঁ যে খান৷ খাবলৈ পাহৰি যাওঁ। পিয়াৰ॥—হাঃ হাঃ হাঃ হাঃ- উল্।—( স্বগতঃ ) ছেঃ—কথাটো বেয়৷ হল হবল।! হবল৷ কি! হয়েই তো। কথাটো প্ৰেমিক পুৰুষৰ কথাৰ দৰে নহল। প্ৰেমিকৰ মুখত থোৱা বোৱাৰ কথ৷ বৰ আপচু শুনায়। থোৱাৰ কথা কলেও জোনৰ জোল বতাহৰ সাহ এনে বিধৰ দুই খানাৰ কথা কোৱ৷ হলেও আছিল। মই আকৌ একেবাৰে—দুৰ, দুৰ, দুৰ্গাধা গাধা (পিয়াৰাই নেদেখাকৈ নিজৰ গালত চৰাই) আৰু নো কৰিম কি! এইক দেখিলেই নই কিবাটে৷ হৈ পৰে৷ আহিলে কম বুলি যিবোৰ কথা জুকিয়াই মেলি থওঁ এইক দেখা মাত্ৰকে সোপাকে সানি পোতকি একাকাৰ কৰি পেলাই গাধাটো হৈ পৰে॥ পিয়াৰ॥—কেঁউজি খান্থানান্। একেবাৰে মছগুল দেখোন? উল্। – নহয়, এই ছেথ চাদীৰ কবিতা এটা মনত পৰিছে। স্বগতঃ) এবং এইবাৰ এট৷ সৰণ প্ৰেমৰ কবিতাকে গাওঁ। তাকে আকৌ জানিলেহে! কোন দিন৷ খন নো পঢ়িছিলো? পিয়াৰ॥—কিনে| কোৱাচোন; ভাবিয়ে থাকিবানে? উ।—কওঁ। ( স্বগতঃ ) এঃ কওনে৷ কোনটো আকৌ? হায় হায় ভাল লেঠাটে৷ লাগিল। নিজে নিজৰ আপদ চপাই ললে॥ (ফুটাই)