পৃষ্ঠা:গুলেনাৰ.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক। 29 আকবৰ চাহৰ প্ৰতিনিধি হৈ আহিছে৷ মই, মোৰ হুকুম, বন্দী কৰ। ( সৈন্যহঁত আগ বাঢ়িব খোজে)। চেলিম।—বেচ―, আহ ভেড়াৰ দল, বীৰশ্ৰেষ্ঠ মানসিংহৰ তলত থাকি প্ৰাণলৈ তহঁতৰ মায়া মমত৷ নাইকিয়া হৈছে দেখিছোঁ, আগ বাঢ়ি আহ। মানসিংহ, মই জীয়াই থাকোঁতে কাৰে৷ সাধ্য নাই যে, কুমাৰৰ পৱিত্ৰ অঙ্গ স্পৰ্শ কৰে। মান।—বাক, তহঁত এতিয়া যা, (সৈনিকহঁতৰ প্ৰস্তান চাহজাদ৷, ইয়াৰ পৰিণাম অতি শোচনীয়! ঢেলিম।—বিজাতিৰ পদলেহী, স্বজাতিদ্ৰোহীৰ ভ্ৰুকুটিলৈ ভাৰত যুৱ- ৰাজে ভ্ৰুক্ষেপই নকৰে, মূৰ্খ! তফাত্ মান।–বহুত আচ্ছা। মনত ৰাখিব চেলিস। যাও, যাও! মানসিংহৰ প্ৰস্থান ) যোৱা কুমাৰ এতিয়৷ আৰু তোমালোকক কেৱে বাধা নিদিয়ে; নিশ্চিন্তে শ্ৰদ্ধেয় ৰাণাৰ লগত মিলিত হোৱাগৈ। অমৰ।—দাদা! তোমাৰ ঋণ ইজন্মত কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। আনাৰ, এই দুখীয়াৰ পঁজাত এতেকাল বৰ কণ্ঠেৰে দিন কটাই আহিল।, আজিৰ পৰা আৰু সেই কষ্টৰ ওৰ পঢ়িল। যোৱ। 9 -

  • আনাৰ।—দাদা! দাদা! মই দিল্লীলৈ না——( কান্দে )

অমৰ।—যোৱ৷ মোৰ আই, আশীৰ্ব্বাদ কৰিছোঁ, তোমাৰ জীৱন মধুময় হওক। ( অমৰ, লক্ষ্মীদাস এফালে আৰু আন ফালে চেলিন ও আনাৰৰ প্ৰস্থান। ) -0*0-