পৃষ্ঠা:গুলেনাৰ.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। কিন্তু তাৰ আৰু চিন্তাৰ কাৰণ একে। নাই; আপোন৷ লোক মুক্ত, বলৈকে ইচ্ছা যাব পাৰে, কেৱেঁ আৰু আপোনা লোকক বানা নিদিয়ে। অমৰ।—চাহজাদা! সঁচাকৈয়ে তুমি চাহজাদ| চেলিম নে কোনোবা দেৱদূত ! ইমান উদাৰ ইমান মহৎ তুমি মোগল কুমাৰ !! চেলিম।——আৰু তুমি গৌৰৱ কিৰিটিনী মেৱাৰৰ বীৰ পুত্ৰ ! সকলো ভোগ লালসাৰ শিৰত পদ্মাঘাত কৰি, সংযমৰ কঠোৰ ঢাকনীৰে যৌৱনৰ উদ্দাম উশৃঙ্খল প্ৰবৃত্তিক চেপামাৰি থৈ জাতিৰ কল্যাণ আৰু দেশমাতৃৰ হিতার্থে নৱীন ব্রহ্মচাৰী তুমি, নিজৰ মহত্ব ফেৰি কথাও এবাৰ ভাবি চাবা, ভাই ! আনার।—(স্বগতঃ) ইমান ৰূপ, তাতে আকৌ ইমান গুণ, অমায়িক! এওঁকেই চাহজাদা কয় ? নেজানে৷ খোদা, এওঁ লোকক কি ভাগ্য দি দুনীয়ালৈ পঠাইছা । ৱাহ! ৱাহ কিছমত্ ! অমৰ।— অভয় পালে অনুৰোধ এট। জনাব খোজোঁ, চাহজাদা ! চেলিম। নিশ্চয় অন্যায় অনুৰোধ একে| নকৰ| ; কোৱ৷ ভাই, কি ? অমৰ । — দাদ৷ ! আজিৰ পৰা মোৰ এই অভাগী ভনীজনিৰ ভাৰ তুমি লোৱা। ( আনাৰৰ হাত এখন চেলিমৰ হাতত দি ) ইৰাণৰ মৰু বালীত এই কুঙ্কুম পাহি ফুলি আছিল, কাল ধুমুহাত উৰি আহি পাৰ্ব্বত্য উপত্যকাৰ মোৰ ভগা-সঁজাৰ দুৱাৰত পৰিলেহি; কিন্তু দুখীয়াৰ পঁজ৷ এইব উপযুক্ত ঠাই নহয়৷ আজি ৰাজ হাতত সঁপি দি দায়ীত্বৰ পৰ৷ মুক্ত হব খোজেঁ। চেলিম।—ই যে তোমাৰ মহৎ অমূল্য দান, ভাই ! এই দানৰ মৰ্য্যাদা ৰাখিব পাৰিম নে মই ভাই ?