পৃষ্ঠা:গুলেনাৰ.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ আমীর- পাৰিম। অমৰ।—ভালকৈ ভাবি চোৱঁ৷, কম বহল নৈ নহয়। আনার।—হক্ পাৰিম। অমৰ। তেনে বলা, আগবাঢ়া (আনাৰ যাব ধৰে) অ' ৰবা, এটা কথা ! আনাৰ ! আনাৰ।—দাদা ? অমৰ। – কব পাৰানে, আনাৰ, জীৱনটে। সপোন নে সত্য ? আনাৰ।–ইকি প্রশ্ন ? আচৰিত ! কিয় দাদা ? সত্য। অমর। নহয়, মিছ৷ কথা। সচা হোৱা হলে, ইৰাণৰ মৰু বক্ষৰ হৰভী, কুম্বুম তুমি, এট৷ অলীক সপোনৰ দৰে হিন্দুস্থানৰ এই নির্জ্জন উপত্যকাত বাগৰি নুফৰাঁহি। আনার।—(হাঁহি) মই এটা সপোনতে মাথোঁ তেনে, দাদা ? গুলেনাৰ । অমৰ - সপোন, আনার, সপোন । তুমি সপোন, মই সপোন, সংসাৰত যত যি দেখিছ। শুনিছ। মানে সকলোবোৰ সপোন । নহলে নো, এই এতিয়া দেখিছো, অতুল সৌন্দৰ্য্য সৌৰভে উপছি মোৰ এই হৃদয়-কুত পূৰ্ণৰূপে বিকশি উঠিছা, তাৰ ক্ষন্তেক পাছতে দেলে কৰবাত, কি হবাৰ আৰত একেবাৰে লুকাই পৰ৷, এটা সুগভীৰ হতাশ্বাসে স্নান নীৰৱ কুঞ্জব চারিপাশে হা হা হা স্বৰে কান্দি ফুৰিছে। ইতেনে সপোন নহয় কি ? আনাৰ।—কোৱাঁ, কোৱ৷ তেনে দাদ৷! কি কৰিলে নে৷ তুমি মোক চিৰ দিন দেখিবলৈ পোৱা ? অমৰ ।—সেইটো কি পাৰিব৷, আনাৰ ? যদি পাৰ৷ আহা, মোৰ কাষলৈ আহঁ৷—ওপৰৰ নীলাকাশত সাক্ষী চন্দ্ৰদেৱ, তলত সাক্ষী এই কুলুনাদিনী জীৱনদপিনী সলিল৷ সতি, এই নিমাত নিতাল