পৃষ্ঠা:গুলেনাৰ.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ । এনে, স্থলত তেওঁক আশ্রয় দিয়াটো কেনে সুকঠিন, সেইটো তুমিয়ে ভাবি চোৱা । লক্ষ্মী।—নকলে৷ জানো, তথাপি তাইক আন কাৰে৷ হাতত দি নিশ্চিন্ত হব নোৱাৰে৷ দেখিহে আপোনাক আমনি কৰিব লগিয়াত পৰিছে৷৷ আপোনাৰ পিতাক মেৱাৰৰ মহাৰাণ৷ কুলৰ গৌৰৱ- মেৰু, সেই মেৰুৰ আঁৰত এই অভাগীয়ে এবাৰ ঠিয় হব গৈ পাৰিলে এইৰ চুলি এদালি ছবলৈও কেতিয়াও কাৰে৷ সাধ্য নহব। অনৰ।—তোমাৰ নিজৰ ঘৰতে থবগৈ পাৰ৷ দেখে| ? লক্ষ্মী।—পাৰে৷, কিন্তু —( অমৰৰ ফালে আনাৰৰ মুখখনি ঘুৰাই দি ) কেই দিনলৈ এনেৰূপ এই দুখীয়াৰ ঘৰৰ পঁজাত নির্বাপদে থাকিব, যুৱৰাজ ? অমৰ।—ইকি! মানৱী নে দেৱবালা? দুখীয়াৰ ঘৰত এনে সৌন্দৰ্য্যৰ আকব? সুনীল নিৰ্ম্মল বিলৰ মাজত যেন সোনৰ পড়ুন এপাহি ! সঁচ৷ কৈছা বৃদ্ধ ! দৰিদ্ৰৰ ঘৰত কেইদিন হে নেলাগে মুহূর্ত্তেকে৷ এই ৰূপৰ পক্ষে নিৰাপদ নহয়। বেছ, নিশ্চিত হোৱ৷—আজিৰ পৰ৷ এই ছোৱালীটিৰ ভাৰ মই ললে।। লক্ষ্মী।—যুৱৰাজ অমৰসিংহ ! আপুনি, ৰাণাকুল-প্রদীপ মহাৰাণ৷ প্ৰতাপ- সিংহৰ সুযোগ্য পুত্র। প্ৰতাপৰ পুত্ৰ, আপুনি প্রতাপাদিত্য হব, বুঢ়াই ইয়াকে কলে।—ভগৱান একলিঙ্গে আপোনাৰ মঙ্গল কৰক। ( পট পৰে ) 50*01 TESTE TRO