পঞ্চম অঙ্ক। ১১৫ চেলিম—ক্ষমা কৰিছোঁ, ভাই, মই তোমাক ক্ষমা কৰিছোঁ, কিন্তু মোক ক্ষমা কৰে কোনে? মোৰ অপৰাধ যে ক্ষমাৰ সম্পূৰ্ণ অযোগ্য? অমৰ — দাদা! এয়ে আনাৰৰ কবৰ। চেলিম—সেয়ে অমৰ! সেয়ে অভাগী আনাৰৰ কবৰ, সেই সদ৷ মৌন, সদা অকলঙ্ক, পাষাণ স্তম্ভৰ তলতে সেই মৰুৰ কুসুম পাহীয়ে চিৰ নিদ্ৰাত শান্তি লভিছে। হায়! আফছোছ, আফছোছৰে তগ্দিব! দুনীয়াত তেওঁ এদিন, এক নিমিষলৈও শান্তি নেপালে; কেৱল অশান্তি, অশান্তিতে দিন গল। অমৰ—আফছোছ এৰা দাদা! শোক পৰিহৰা। চেলিম—ৱাহ! কোৱা কি? শোক যে মোৰ সহযাত্ৰী, আফছোছ মোৰ চিৰ সহচৰ, “হায় হাত, হায় হাত” মোৰ ইষ্টবাণী, মই কি আক নিশ্চিন্ত হব পাৰোঁ? তাতে আকৌ মোৰ ইষ্টদেবী আনাৰৰ কবৰ স্থানত! অমৰ—ই কেৱল আনাৰৰ কবৰ স্থান নহয়, দাদা, ই হিন্দু মুছলমানৰ মিলনৰ মহা তীৰ্থস্থান। অমৰাৰ যিডালি কল্প নতাই দুটি প্ৰৱল প্ৰতিদ্বন্দ্বী, ভাৰতৰ চাহজাদা ও মেৱাৰৰ যুবৰাজ, দুয়োৰে হিয়া, ভ্ৰাতৃত্বৰ পৱিত্ৰ বান্ধোনেৰে সুদৃঢ় ভাবে বান্ধি দিছিল, সেই বেহেস্তি লতাডালি আজি ছিগি, ভাগি, আশ্ৰয়চ্যুতা, পদদলিতা হৈ ইয়াত পৰি আছে। আহা, চাহজাদা, চেলিম, দাদ৷, এই চন্দ্ৰক্ৰিৰণাপ্লুতা নিমাত নিতাল নিজন নিশা, এই পুণ্যময়ী তৰল তৰঙ্গিণীৰ বিমল পাৰত, এই পৱিত্ৰ প্ৰেমৰ মধুৰ স্মৃতিময়ী মিলনৰ পুণ্যতীৰ্থস্থানত থিয় হৈ আজি তোমাক এবাৰ মোৰ বুকুত সুমাই লওঁ। ( বুকুত লৈ ) আজিৰপৰা এই ভ্ৰাতৃপ্ৰেম অটুট অনন্ত হোক, নীচ, হিংসা,
পৃষ্ঠা:গুলেনাৰ.pdf/১১৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই