গুলেনাৰ। সকলোতকৈ দুৰ্ভগীয়া, সকলোতকৈ অভিশপ্ত, সকলোতকৈ অপদাৰ্থ, ভীৰু, কাপুৰুষ, কমবক্ত চেলিম মই। অমৰ—ইকি! চাহজাদা? চাহজাদা চেলিম? আজি ইকি বেশ তোমাৰ, দাদা? চেলিম—কোন? অমৰ! ভাল আহিছ৷ ভাই, তোমাৰ আগত কেনেকৈ মুখ উলিয়াম বুলি পলাই ফুৰিছোঁ, তুমি আহি আকৌ আগতে ওলাইছাহি। হায়! হায়! তোমাক যে এতিয়া মই কি কম? কোনটো সুধিম? কোনটোৰ কি উত্তৰ দিম? একোকে ভাবি পোৱা নাই। অমৰ——( স্বগতঃ ) হায়, ইকি অৱস্থা আজি চেলিমৰ? হল কি, দাদা? চেলিম—তোমাৰ সেই মহৎ অমূল্য দানৰ মৰ্য্যাদা যে মই ৰাখিব নোৱাৰিলোঁ ভাই! অভিশপ্ত পাপী মই, মোৰ গৰল নিশ্বাসত বেহেস্তৰ সেই চিৰ সুন্দৰ, চিৰ নিৰ্ম্মল সুৰভি-কুসুম পাহি- 'অকালতে শুকাই, ভাগি, ছিগি সৰি পৰিল। [! অমৰ! অপৰাধী মই, মহাপাতকী মই, মোৰ এই মহাপাতকৰ উপযুক্ত প্ৰায়- শ্চিত্তৰ বিধান কৰা ভাই। অমৰ হাঁ? আনাৰ? আনাৰ নাই? চেলিম, নিষ্ঠুৰ! কি কৰিলা? হায়! হায়! কৰিলা কি? চেলিম—কোৱাঁ, কোৱাঁ, “চেলিম নিৰ্দ্দয়, নিষ্ঠুৰ, নৰকৰ কীট,” কোৱাঁ ভাই, কোৱাঁ, “কঠোৰ নিপীড়নে সি বেহেস্তি গোলাব পাহীক নিষ্পেষিত কৰি দিলে,” তাৰ এই অপৰাধৰ উচিত দণ্ড কি তাকে৷ কোৱা? অমৰ—টান কথা কলোঁ, ক্ষমা কৰা, দাদা! মিনতি কৰি মাতিছো।
পৃষ্ঠা:গুলেনাৰ.pdf/১১৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই