পৃষ্ঠা:গুলেনাৰ.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। ( চেলিমৰ প্ৰবেশ ) ১১৩ চেলিম—এই যে সেই চিৰ মৌন, চিৰ নিৰ্ম্মল, নিষ্কলঙ্ক শুভ্ৰ স্তম্ভ! কাৰ কীৰ্ত্তিৰ? হাঃ হাঃ হাঃ! আসমুদ্ৰ ভাৰতৰ প্ৰৱল প্ৰতাপান্বিতা চাহেনচাই—আকবৰ বাদচাহ তনয়, ভাৰতৰ ভাবি সম্ৰাট চেলিমৰ দয়ামায়াহীনতা, অৰ্ব্বাচীনতা, অপৰিণামদৰ্শিতা, অসাৰ অপদাৰ্থতাৰ মহা-কীৰ্ত্তিৰ এই স্মৃতি স্তম্ভ! কি কৰিলি! কি কৰিলি চেলিম? ইমান কৰি এতিয়াও তই জীয়াই আছ? নিলাজ পাপী, কোনটো নাকেৰে এই জগতত আৰু মুখ দেখুৱাবি? সদায়, সকলো সময়তে, সকলো সুখে দুখে, লাগিলে নিজ প্ৰাণ দানেও ৰক্ষা কৰিম বুলি, ধৰ্ম্ম সাক্ষী কৰি যে তেওঁক নিকাহ কৰিছিলি, তোৰ সেই প্ৰতিজ্ঞা এতিয়া কত থাকিল নৰকী? নিদয়-নিষ্ঠুৰ-গৰ্ব্বান্ধ বাদচাহৰ ক্ৰোধানলৰ পৰা তেওঁক ৰক্ষা কৰিব নোৱাৰিলি কিয়? ধিক্ তই! ধিক্‌ তোৰ জীৱনত!! ধিক্ তোৰ জনমত!!! তই আকৌ চাহজাদা! তই—তই ভাৰতৰ ভাবি বাদচাহ? এনে ভীক, অসাৰ, অপদাৰ্থ, কাপুৰুষ, পাপী তই, নিজ ধৰ্ম্ম-পত্নীক হিংসুকৰ হিংসানলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলি। তই—তই আকৌ এই সুবিশাল ভাৰতৰ ভাবি সম্ৰাট। ছিঃ ছিঃ ছিঃ লাজ নালাগে, ধিক্ তই! ( অমৰসিংহৰ প্ৰবেশ ) অমৰ—কোন তুমি অপূৰ্ব্ব জীৱ? এই গভীৰ নিস্তব্ধ নিশ৷ এনে নিজান সমাধি ভূমিত আহি নিজক নিজে এনেদৰে ধিক্কাৰ দিছোহি! চেলিম—কোন মই? কি পৰিচয় দিম? জগতৰ সকলোতকৈ পাপী,