এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
330 গুলেনাৰ। BY
- অন্তেসপুৰত এনে স্বেচ্ছাচাৰিতাৰ ঠাই নাই। শুন চেলিম,
উন্মত্ততা থাকে মানে তই বন্দী, এই কোঠাতে বন্ধ থাকিবি, ওলাই যোৱাৰ অধিকাৰৰ পৰা বঞ্চিত, ভালেৰে আদেশ পালন নকৰিলে প্ৰহৰীয়ে বল প্ৰয়োগ কৰিবলৈ বাধ্য হব। চেলিম—জাহেল, জালেন, জান! ছোড়দো, কাতেল, ছোড় गচ্ছ। যা ) সপ্তম দৃশ্য। মহল। ( হেদায়ত আৰু পিয়াৰা হেদায়ৎ—কি লাগে তোমাক। পিয়াৰ|—(হাঁহি) কি লাগে? ৱাহ বুজা নাই মোক, কি লাগে? তোমাক, তোমাক, মোক তোমাক লাগে? হেদায়—যোৱ৷ পিয়াৰা, ইয়াত আৰু তোমাৰ লাভৰ আশা নাই; আন ছীকাৰ বিচাৰি যোৱা। পিয়াৰ৷—আজি আকৌ কি হল তোমাৰ? কোনোবাই কিবা দাগা দি গল নেকি? হেদায়—সেইবোৰ কথাত তোমাৰ দৰকাৰ নাই। ইয়াৰ বাহিৰে আন কিৰা প্ৰয়োজন আছে যদি কোৱাঁ, নহলে ওলাই যোৱা? পিয়াৰ তেনে, আজিৰ পৰা ইয়াত আৰু মোৰ ঠাই নাই, আলী চাহেব? হেদায়খ হয় সেয়েই। এতিয়া আৰু তুমি যোৱা।