পৃষ্ঠা:গুপ্তমণি.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৪ )


তাহাৰ উপৰে কৰে প্ৰসিদ্ধ প্ৰকাশ।
তাহাৰ উপৰে কৰে শ্বেতজ নিবাস॥
তাহাৰ উপৰে আছে তৃপিনী বৈকুণ্ঠ।
কতেক পুষ্প আছে তাহাৰ উপৰত॥৪৪৬
তাৰ উপৰত আছে কনক ৰসিক।
তাহাৰ উপৰে আছে প্ৰকাশ পুষ্পক॥
সেহিসে পুণ্যৰ স্থান পূৰ্ণ সেহি স্থানে।
কোন কোন ভক্ত যাই থাকে সেহি থানে॥৪৪৭
আৰ বাৰ কাৰ্য্য তত্ত্ব বুজিবা দেহাত।
শুকে কহিলন্ত পৰীক্ষিতৰ আগত॥
প্ৰথম কল্পে পৰমাত্মা জানিবা নিশ্চয়।
দ্বিতীয় কল্পে দশো দিশ কহিলো নিৰ্ণয়॥ ৪৪৮
তৃতীয় কল্পে তিনি গুণ আছে শৰীৰত।
চতুৰ্থ কল্পে ছয় উৰ্ম্মি কহিলো দেহাত॥
পঞ্চম কল্পে প্ৰাণ মন কৰে মনুষ্যৰ।
যষ্ঠ কল্পে জনিবাহা ষোড়শ বিকাৰ॥৪৪৯
সপ্ত কল্পে ভৈলা এড়ে সাত আভৰণ।
অষ্ট কল্পে ভৈলন্ত আকাশি দেবগণ॥
আৰ ভৈলা অষ্ট দল পদ্ম সুদৰ্শণ।
নবম কল্পে ভৈলন্ত দুৰণ বাসন॥৪৫০
আৰ সিটো ভৈল নৱ গোটা ইন্দ্ৰিগণ।
দশম কল্পে ভৈলন্ত ইন্দ্ৰিয় দশন॥
একাদশ কল্পে চৌদ্ধ সখি অৱতৰি
দ্বাদশ কল্পে ভৈলা গুঢ় ভকতি প্ৰচাৰি॥ ৪৫১
এহি দৃঢ় ভকতিক যি জনে জানয়।
পৰীক্ষিত সম তিনি সিজ নে পাৱয়॥