পৃষ্ঠা:গুপ্তমণি.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫২ )

তিনি গুণ ভাঙ্গি হৈবা গুৰু দৰশন।
এহি ছয় গোটা পাখি গুৰুৰ লক্ষণ॥
আধুতি পাখিত থাকি লক্ষ্মীৱে সেৱন্ত।
বৈধুতি পাখিত থাকি আত্মা প্ৰকাশন্ত॥ ৪৩৩
উপদ্ৰ পাখিত সেৱা কৰন্ত ৰাধায়।
সাধু যে পাখিত সেৱা অনন্ত কৰয়॥
শ্ৰীপূৰুষোত্তমে জ্ঞান পাখিত সেৱন্ত।
ইতো লক্ষণৰ ভেদ ভক্তেসে পাৱন্ত॥ ৪৩৪
ছয় মন বিভূতি ঈশ্বৰ ব্ৰহ্মে লয়।
বিষ্ণু মাংস ব্ৰহ্মা হাৰ তেজ মহাদেৱ॥
পাঁচ খান বৈকুণ্ঠ যে আছে হৃদয়ত।
সেহি থানে পাঁচ জন ঈশ্বৰ আছন্ত॥ ৪৩৫
নব জন ভক্ত পাচ বিধ ৰসমতি।
পঞ্চ বিধ ৰতি আতি পঞ্চ বিধ প্ৰীতি॥
ইয়াক জানিলে হোৱে কেবল ভকতি।
সংসাৰ তৰিবে লোক পাইবে মুকুতি॥ ৪৩৬
সত্য যে লোকক সত্য বৈকুণ্ঠ বোলন্ত।
নিজ ধৰ্ম্মক নিজে বৈকুণ্ঠ ভাৱন্ত॥
পুষ্প বিলাহক শবন নাম তাৰ।
অম্ভৰিস বৈকুণ্ঠে মানুষ ৱোলে আৰ॥ ৪৩৭
অপৰ বৈকুণ্ঠে বোলে ৰস মোহ স্থান।
সত্য লোকে বিষ্ণু স্থান নামে নাৰায়ণ॥
নিজ যে ধৰ্ম্মত কৃষ্ণ আছন্ত সাক্ষাত।
জানিবা তাহাকে বোলে বৈকুণ্ঠৰ নাথ॥ ৪৩৮
পুষ্প বিলাসত পূৰ্ণ ৰূপে আছে হৰি।
তাহান অলেখ নাম জানা নিষ্ঠ কৰি॥